আমাৰ বিষয়ে
সাম্প্ৰতিক সময়ত COVID-19 সংক্ৰমনে সমগ্ৰ বিশ্ববাসীলৈ বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । যাৰ ফলত বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিয়েই ক্ষতিগ্ৰস্থ হৈছে । এই সময়ছোৱাতে আমাৰ ৰাজ্যৰ যি সকল লোক বহিৰাজ্যত গৈ বিভিন্ন কৰ্মত নিয়োজিত হৈ আছিল । তেওঁলোকো নিজৰ জীৱনৰ সংশয়ৰ বাবে আজি নিজ ৰাজ্যলৈ উভতি আহিব লগীয়া অবৰ্নণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমলৈ উভতি আহি তেওঁলোকে চৰকাৰে নিৰ্দ্দিষ্ট কৰি দিয়া নিৰ্দেশনা মানি নিৰ্ধাৰিত দিনকেইটা নিজকে পৃথকে ৰখাৰ ব্যৱস্থা, স্বাস্থ্য পৰীক্ষা আদি সম্পন্ন হোৱাৰ পিছত বেছি সংখ্যকেই কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিবলগীয়া বুলি অনুমান কৰিব পৰা হৈছে । সেই সময়ছোৱাতে বহিৰাজ্যত কৰ্মহীন হৈ পৰা আমাৰে ভাতৃ-ভগ্নী সকলৰ হৈ কিছু চিন্তা, দায়বদ্ধতা, আৰু সহায়ৰ হাত আগবঢ়োৱাত আমাৰো দায়িত্ব আছে । আমি তেখেতলোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে “Help Youth Assam" নামৰ এটি অনুষ্ঠানৰ জৰিয়তে helpyouthassam.in নামৰ এটি ৱেবচাইট মুকলি কৰিছো । তেখেতলোকে এই চাইটত সনিবিষ্ট প্ৰপত্ৰ নিজৰ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাসহ সবিশেষ পুৰণ কৰি আমালৈ প্ৰেৰণ কৰিব । আমি আশা কৰিছো ইয়াৰ জৰিয়তে আমাৰ ৰাজ্যৰ ভাতৃ ভগ্নীসকলক নিয়োজনৰ ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়োৱাৰ লগতে আমি সকলোৱে মিলি এখন সমৃদ্ধিশালী অসম গঢ়ি তুলিব পাৰিম।